ASSAMESE




ঔপনিবেশিক শাসনৰ সময়ৰ পৰাই ভাৰতীয় নাট্যব্যবস্থাত নাট্যকাৰ সকলে তেওঁলোকৰ সৃষ্টিৰ জৰিয়তে ভাৰতবর্ষৰ বিভিন্নতাক প্রতিফলিত কৰি আহিছে৷ সামাজিক ব্যাধি, মুক্তি সংগ্রাম, সামাজিক সমতা(social equity)আৰু অন্তৰ্ভুক্তি, পুৰুষপ্ৰধান ব্যৱস্থা, ব্রাহ্মণ্যবাদ, জাতিবিশেষৰ ওপৰত অত্যাচাৰ আদি কৌশলপূর্ণ ভাবে নাটকৰ জৰিয়তে উপস্থাপন কৰা হৈ আহিছে৷ ভাৰতীয় নাট্যকৰ্মী বা নাটককাৰ সকলৰ, সামাজিক অদূৰদর্শিতা, অনৈতিক লোকাচাৰ, ধর্মীয় বিভেদকামীতা, উগ্ৰ- জাতীয়তাবাদ, সংকীৰ্ণতাবাদ আৰু অযৌক্তিকতা আদি কুব্যৱস্থাৰ বিৰূদ্ধে দীঘলীয়া তথা গৌৰৱপূৰ্ণ সংগ্ৰামৰ পৰম্পৰা আজিও অব্যাহত। সংগীত আৰু নৃত্য, হাস্যব্যংগ আৰু কাৰুণ্য, মানৱীয় প্ৰমূল্যবোধৰ গাঁথা আদিৰে নাট্যকৰ্মী সকলে বিগত এশ পঞ্চাশ বছৰৰো অধিক কাল ধৰি ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক তথা সৰ্বস্তৰৰ জনগনৰ অন্তৰ্ভুক্তিৰে এখন ন্যায়িক ৰাষ্ট্ৰৰ কল্পনা কৰি আহিছে। কিন্তু বৰ্তমান সেই ইতিহাস প্ৰসিদ্ধ ভাৰতবৰ্ষৰ সংগীত, নৃত্য আদিৰ উপৰিও ভাৰতীয় সংবিধান খনো সংকটৰ গৰাহত। দেশৰ স্বতন্তৰীয়া অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰিবেশ কলুষিত হৈ পৰিছে৷ সত্যক ঢাকি ভণ্ডামিৰে বিভেদকামী শক্তি সমূহে নিজৰ অভিষ্ট সিদ্ধিৰ পথ উলিয়াই লৈছে৷ খাদ্যবস্তুৰ লগতে উৎসৱ পাৰ্বণতো বিষবাস্প সুমুৱাই মানুহক মানুহৰ শত্ৰু কৰি তুলিছে। স্বাধীন ভাৰতৰ সমাগত নিৰ্বাচন হৈ পৰিছে নিঃসন্দেহে কুটিলতাৰে ভৰা আৰু অত্যন্ত জটিল৷ প্ৰজাতন্ত্ৰ শক্তিশালী হোৱাৰ পৰিবৰ্তে দূৰ্বল হৈ পৰিছে৷ সুস্থ তথা গঠনমূলক চিন্তাধাৰাৰ বিৰোধিতাৰে দেশত স্বৈৰতান্ত্ৰিকতাক উদগনি দিয়াৰ প্ৰৱণতাই গা কৰি উঠিছে। সুস্থ বিতৰ্ক অবিহনে প্ৰজাতন্ত্ৰ কেতিয়াও সুস্থ আৰু সবল হব নোৱাৰে৷ বৰ্তমানৰ বি.জে.পি চৰকাৰখনে সামাজিক ঐক্য বিনষ্ট কৰি পেলাইছে। পাঁচ বছৰ আগতে শাসনলৈ অহা বি.জে.পি. চৰকাৰে দেশৰ বিকাশ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও ইয়াৰ পৰিবৰ্তে হিন্দুত্বৰ বীজ সিঁচি ঘৃণাৰ ৰাজনীতিৰ জন্ম দিলে৷ সাধাৰণ মানুহৰ জীৱিকা নিৰ্বাহৰ পথ ৰুদ্ধ কৰিলে৷ কৰ্ম সংস্থাপন বৃদ্ধিৰ পৰিবৰ্তে হ্ৰাস কৰিলে। ধনীক শ্ৰেণী ধনী হোৱাৰ বিপৰীতে দুখীয়া সকল অধিক দুখীয়া হৈ পৰিল৷ গতিকে আমি ভাৰতবৰ্ষৰ নাট্যকৰ্মী সকলে ভাৰতীয় সংবিধান আৰু ইয়াৰ ধৰ্ম নিৰপেক্ষতাক সুৰক্ষিত ৰাখিবলৈ ৰাইজক আহবান জনাইছো৷ আমি দেশৰ নাগৰিক সকলক মানুহৰ প্ৰতি প্ৰেম আৰু সমমৰ্মিতা, সমতা আৰু সামাজিক ন্যায়ৰ পক্ষে তথা দেশক অধিক অন্ধকাৰ অৱস্থালৈ যোৱা বৰ্বৰ শক্তি সমূহৰ বিৰুদ্ধে সজাগ হৈ ভোট দিবলৈ দেশৰ নাগৰিক সকলক আহবান জনাইছো৷ আমাৰ আবেদন বি.জে.পিৰ. লগতে সহযোগী শক্তিসমূহৰ বিৰুদ্ধে ভোট দি দূৰ্গতজনৰ স্বতন্ত্ৰতা ৰক্ষা কৰি, সুস্থ সামাজিক পৰিৱেশ ওভোতাই অনাৰ লগতে প্ৰগতিশীল চিন্তাক আগবঢ়াই নিবলৈ ধৰ্ম্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু সম্মিলিত ভাৰত গঢ়িবলৈ ভোটদান কৰক।

Are you a theatre artist? Like to endorse the statement?
Name and Place:

Your Email: (required)

Your theatre credentials and other details : (required)